টিপচাকি

মোৰোতো ভাগৰ লাগে।দিনৰ দিনটো জধলা এটাৰ দৰে কোঠাৰ চাৰিবেৰৰ মাজত অচেতন হৈ হেৰাই থাকোঁ।তথাপি আকাশখন হেঙুলীয়া হৈ হৈ যেতিয়া এঙাৰ বৰণীয়া হৈ পৰে তেতিয়া খপ্ জপ্ কৈ বিচনাৰপৰা নামি আহিব লাগে।ঘৰমুৱা চৰাইৰ চিঁচিঁয়নী,কুকুৰৰ ভুকভুকনিত সাৰপাই যাওঁ।তাৰপাছত ইমানেই ব্যস্ততা,হিচাপ-নিকাচ যে একেবাৰে লেবেজান হৈ পৰোঁ।

গধূলি হোৱাৰেপৰা নিশা প্রায় মাজপৰলৈ মই সাৰেই আছিলোঁ।হিচাপৰ বহীখনত বহুতো আঁক-বাক,সদায় এনে হয়।হিচাপ কৰি থাকোতেই টোপনিয়ে পালে,একদম চকু মেলিব নোৱাৰা অৱস্থা,অলপ দীঘল দিওঁ বুলিয়েই চাদৰখন গাত মেৰিয়াই শুই থাকিলোঁ।ঠাণ্ডাও পৰিছে অলপ।মোৰ বিশাল দেহটোৰ ঠাণ্ডা আঁতৰাবলৈ এটুকুৰাই মাত্ৰ কাপোৰ।গছৰ তলত,কেতিয়াবা আলিপথাৰত,কেতিয়াবা ফুটপাথৰ নিস্তব্ধ দাঁতিতো সেইখনক সাৰথি কৰিয়ে শুই থাকোঁ।মোৰনো কি?নাঙঠ হৈ থাকিলেও কোনেও দেখা নাপায়,ৰাজসাজতো চাবলৈ কোনো নাই।সকলো টোপনিত মচগুল।আৰু চকুবোৰত টোপনি হেৰালে মইতো এনেও হেৰাই যাওঁ!

ঠাণ্ডা বতাহ এজাকৰ দৰে দীঘল চুলি আৰু চুৰ্ণীৰ স্পৰ্শত মই সাৰপাই গ’লো,”জুনুক জুনুক………..”নূপুৰৰ গুণগুণনি তুলি পাৰহৈ যোৱা ভৰিৰ খোজত কিংকৰ্তব্যবিমূঢ় হৈ উঠি বহিলোঁ।প্ৰথমে মোৰ উৰি থকা কাপোৰখন চালোঁ—ঠিকেই আছে।কিন্তু লগে লগে মোৰ এই চিন্তাও আহিল,মই নিশ্চুপ হৈ কিয় শুই আছোঁ।এন্ধাৰৰ নিৰ্জনতাত যেতিয়া সকলো শুই পৰে দুঠেঙীয়া,চাৰিঠেঙীয়া……আয়ে জন্মতে গুঁঠি দিয়া এন্ধাৰ চাদৰখন মেৰিয়াই এটা এন্ধাৰ ৰাতি হৈ মই ঘূৰি ফুৰোঁ।আৰু এইমাত্ৰ দেখা সেই……….ক’ত গ’ল তাই?

চকু থৰ নিৰ্বিকাৰ,দেহ লয়লাসযুক্ত অথচ ভাৰসাম্যহীন।লক্ষবিহীনভাৱে ঘূৰি ফুৰা ছোৱালীজনীক দেখি এনে লাগিছে,আতংকৰ বাবে যি অলপ বাকী,শেষ হ’বলৈ সীমানখিনিও পলম নাই।”এই এই—–ক’লৈ যোৱা এই দোভাগত?”–নিস্তব্ধতা ভাঙি সুধিলোঁ।মোৰপৰা তাই চোৰে চুৰ কৰা পৰলৈ যিমান বাট যাব পাৰি সিমান দূৰত।কুকুৰকেইটামানে ভুকভুকাইছে আৰু এঘৰৰ বাৰীপিছত দুটামান চোৰৰ ঘড়ীত সংকেত ঘণ্টা বাজিছে,তেতিয়া এনে পৰ।

মোৰ প্ৰশ্ন শুনি তাই এনেভাৱে ঘূৰি চালে যেন তাই মোক আগতেও লগপাইছে,আৰু এনেকৈ কঁপি উঠিল যেন মই কিবা ভয়লগা বস্তুহে।তাই ঠাইতে কঁপিব ধৰিলে——-ভয়খালে যিদৰে আগলৈও যাব নোৱাৰি,পিছলৈও,সেইদৰে।নূপুৰৰ জুনুক জুনুক গুণগুণনি নিঃসাৰ পৰিল।মই উপায়বিহীন হৈ পৰিলোঁ।কেনেকৈ বুজাও যে মই তাইক নিৰপত্তাহীন নকৰোঁ।তথাপি মোৰ আন্ধাৰ-ভয়াৰ্ত মুখখন দেখি তাই যেন ভয় নাখায়,তাৰবাবে তাইক মোৰ গাৰ চাদৰখন উৰুৱাই দিব খুজিলোঁ।

কিন্তু কি আচৰিত!মোৰ সহানুভূতিকো প্ৰত্যাখ্যান কৰি তাই এইবাৰ আৰু বেছি ভয় খালে।ফেঁকুৰি ফেঁকুৰি কান্দি ঠাইতে দেহৰ ভৰ এৰিলে।আৰু লগে লগে মোৰ হিচাপৰ বহীখনত কিছুমান আঁক-বাক দেখাপালোঁ।আঁক-বাকবোৰ এনে কৰুণ হৈ জিলিকি উঠিল যে…..”এ এই…..”নোৱাৰিলোঁ ৰাখিব।দেহৰ প্ৰবল শক্তিৰে তাই মাটিৰপৰা উঠিল আৰু দৌৰিব ধৰিলে।

মই শিলপৰা কপৌৰ দৰে ঠাইতে ৰৈ থাকিলোঁ।যিমানে সময় বাঢ়ি আহিল সিমানে বুকুখন বিষাদেৰে গভীৰ আৰু ডাঠ হ’ব ধৰিলে।এন্ধাৰ চাদৰখনৰ গাত আহি লিপিত খোৱা যন্ত্ৰণা,কেঁচা ঘুমটিবোৰৰ ভৰত মোৰ মাংসপেশী খহি পৰিব খোজে কেতিয়াবা।কিমান কৰিম আৰু আন্ধাৰ মুখৰ আঁৰৰ যোগ-বিয়োগৰ অংক!নানানটা চিন্তাৰে গছৰ পাতবোৰ,সুৰসুৰীয়া বতাহখিনিৰ মাজত মই ভ্ৰমি ফুৰিলোঁ।

************************************

কেইঘণ্টামান পাছত বৰনৈৰপৰা কিহবাৰ ঢৌ এটা আহি কাণত পৰিল।তেতিয়া চোৰকেইটা ঘৰমুৱা হৈছিল।এটা চোৰে আনটোক ক’লে,”ঐ ঐ,কেনেবাকে মাছ ওলাই পৰিল নেকি?”

“এ নাই নাই…..হান্দিত ভালকেই ভৰাইছোঁ নহয়,বৰনৈত ডাঙৰ মাছ বুজিছ,কাইলৈ পাৰিলে আহিব লাগিব”——লগৰজনে হাঁহি হাঁহি ক’লে।

“মই আকৌ ভাবিছিলোঁ,আজিকালি ক’তনো আৰু নৈ-বিলত মাছ,পিছে আছে হেৰৌ,বৰনৈত মাছ আছে,প্ৰমাণটো পালোঁ নহয়।”—–চাইকেল টনা চোৰজনৰ কথা।

“তাকেই,কিমাননো আৰু লোকৰ পুখুৰীত মাছ ধৰিম,আমি যে আনিলোঁ,পুখুৰীৰ চবতকে ডাঙৰ মাছ,মাষ্টৰে বোলে বৰপুতেক অহালৈ বাটচাই আছিল বিহুত একেলগে এসাজ খাব বুলি।পিছে আমিয়ে গণ্ডগোলটো লগালোঁ।মনটো বেয়া লাগিল দেখোন সেয়ে”—–আনটোৱে ক’লে।

“থ হেৰৌ,দুখ লাগিলে মুখ নভৰে”—–নিজৰ কৰ্মক শলাগি শলাগি আন্ধাৰ বাটত নমনা হ’ল চোৰকেইটা।

************************************

একান্ত ব্যক্তিগত এই একমাত্ৰ সময়ত মই দগ্ধ হ’লো।এটা প্ৰাত্যহিক ক্ৰিয়াত মই গতি কৰি থাকোঁ।পৃথিৱীৰ ঘূৰ্ণন গতিত ঘূৰে মোৰ হেঁপাহ,বাসনা,ভালপোৱা,দুখ-যাতনা।——ঘূৰি ঘূৰি যেতিয়া পাই যাওঁ একান্ত সময়,তেতিয়াই মই জহি যাওঁ।এদিন এদিন পুৰণি কান্দোনৰ সোঁত এটা এদিন এদিনকৈ উজাই আহে।মই ইমানেই সাহসী আৰু বুধিয়ক যে ভয়ত যেতিয়া সকলো মাৰ যায়,তেতিয়াই বাছি লৈছোঁ মোৰ একান্ত সময়।জীৱনৰপৰা পলাই দিনৰ নিৰ্দেশমতেই দিন যাপন কৰা মানুহবোৰে আচলতে আন্ধাৰত জীৱনৰ হিচাপ দেখি ভয়খাব বুলি ভয় খায়।আৰু ভাগৰ নামৰ ঠেলাগাড়ীখন আগফালে ঠেলি দি অনায়াসে লুকায়।

তেওঁক পৃথক কৰাৰ ইচ্ছা মোৰ নাছিল।বৰঞ্চ সূৰ্যৰ পোহৰ হেঙুলীয়াৰপৰা পোন হৈ হৈ হেঙুলীয়া হোৱা সময়বোৰত মই বীৰদৰপে এই কথাই ঘোষণা কৰি ভালপাইছিলোঁ যে তেওঁ-মই এক,কিন্তু ছাঁ নেদেখা ঘন আন্ধাৰ-পোহৰত যেতিয়া মই আমাৰ গভীৰতা কোনোপধ্যেই জুখিব পৰা নাছিলোঁ,তেতিয়াই অনুভৱ হৈছিল আচলতে যে কাৰোবাবে ক’তো ‘ছাঁ’ নাই।

এৰা,গছৰ পাতবোৰো যেতিয়া মুক হৈ শুই পৰে,তেতিয়াও আমাৰ কাণত বাজি থাকে কওঁ-নকওঁ,বুজোঁ-নুবুজোঁ,ফুটো-নুফুটো কথা।পোহৰত হাঁহি তেওঁ আন্ধাৰত মুখ ঢাকি কান্দে আৰু দিনত যেতিয়া তেওঁ খোজ কাঢ়ে,বহে,কথা পাতে…অনবৰত তেওঁৰ পাছে-পাছে,আগে-আগে, সোঁৱে-বাৱে এটা ছাঁ গাঁঠি পোহৰে প্ৰতাৰণা কৰে তেওঁক,সেই প্ৰতাৰণাত বাউল,পকা জলকীয়া এটা হৈ ক্ষোভ উজৰা এই মানুহজন বেছ সাহসী।জীৱনৰ হিচাপ-নিকাছৰ খেলখনত দিক-বিদিক হেৰুৱাই বিচৰণ কৰি ফুৰোতে মই লগপাই যাওঁ তেওঁক।একান্ত ব্যক্তিগত এই সময়ত লগপোৱা মানুহৰ প্ৰতি মোৰ তীব্ৰ আকৰ্ষণ আৰু কৌতুহল আছে।কথা ক’লে তেওঁৰ ওঁঠ দুটা সামান্য কঁপে,যেন কঁপা ওঁঠত তেওঁ সাঁচি ৰাখে কিছু উত্তাপ,ভালপোৱা,অনাদিম তৃষ্ণা।

তেওঁৰ কাষে কাষে চকুত চকু থৈ কথা পাতোঁতে খোজত আউললগা সময়বোৰত এনে লাগে যেন সকলো আন্ধাৰ কৰি মোৰ বাবেই সূৰ্য নামি আহিছে।পানীতকৈও স্বচ্ছ আইনা এখন হৈ মই তেওঁৰ সমুখত জিলিকি উঠোঁ।আৰু তেওঁ এখন এখনকৈ কাপোৰ খুলি নগ্ন কৰে নিজক।তেওঁৰ নগ্ন দেহত চকু থৈ কলিজাৰ মৃদু আঘাতত কঁপি উঠোঁ মই।মোৰ স্বপ্নাবিষ্ট দুগাল কিয় মুহূৰ্ততে শেঁতা পৰে সেয়া কোনে বুজিব—–পৃথিৱীৰ দৰিদ্ৰতম পৰমাণুটোৰ দৰে তেওঁ যেতিয়া মোলৈ চায়,আস!মোৰ চিৰসহচৰ এঙাৰবুলীয়া চাদৰখনেও হয়তো নুবুজে।সেই সময়বোৰতে মোৰ হিয়া তেওঁলৈ মৰমত উথলি উঠে।এৰা,অবুজ শিশুৱে নুবুজি হাঁহে,চঞ্চলা কিশোৰীয়ে ভুল বুজি হাঁহে আৰু এটা পূৰ্ণাঙ্গ শৰীৰৰ মাংসপেশী হাঁহিৰ কোবত লৰি উঠে,যেতিয়া অন্তৰৰ গোপন হুমুনিয়াহে ওলাব বাট বিচাৰি নাপাই হাহাকাৰ কৰে।পিন্ধি থকা হাঁহিৰ অলংকাৰবোৰ এপাত এপাতকৈ খুলিব ধৰে তেওঁ;আৰু মই এঙাৰবুলীয়া এৰাতি মৰম লৈ বগুৱাবাই যাওঁ তেওঁৰ নগ্ন শৰীৰত।বুকুৰ দ আঘাতত স্পৰ্শ কৰোঁ।তেওঁৰো হেঁপাহ আছে,বুকুত দপ্ দপাই জ্বলি থকা জুইকুৰাত কিমান তৃষ্ণা পুৰি শেষ হ’ল,তথাপি তেওঁৰো আছে এক অনাদিম তৃষ্ণা,কঁপা ওঁঠ দুটাত যি তেওঁ সাঁচি ৰাখে।

আজিও লগপাইছিলোঁ তেওঁক।এৰাতি এৰাতি মৰমত তেওঁ বাঢ়ি অহা মই দেখিছিলোঁ।পৰ্বতৰপৰা নদীলৈ পানীৰদৰে,ভৰিত পিন্ধা মাটিৰপৰা বুকুৰ সেউজীয়া হৈ শিপাৰদৰে শিপাই গৈছিল চুমা।আগতে যদি এপাহ কেতেকী আছিল,এতিয়া হেনো বসন্ত হৈছে তেওঁ,আগতে যদি ভৰদুপৰীয়া আছিল তেওঁৰ চকুত,এতিয়া হেনো কোমল গধূলি হ’ল সেই চাৱনি।কুকুৰৰ ভুকভুকনি শুনা সেই পৰত মোৰ স’তে তেওঁৰ কথোপকথন——য’ত তেওঁ বসন্ত হ’ল,কোমল হ’ল——এইকথা ভাবি বাৰে বাৰে এটা ‘ৰাতি’ হ’বপৰাৰ গৌৰৱত উফন্দি উঠিলোঁ।ব্ৰহ্মাণ্ডৰ সকলো পোহৰ মোৰ ওচৰত আহি থুপখোৱা যেন পালোঁ।

দিনৰপৰা পলাই মোত বাস কৰিব খুজিছিল তেওঁ।মই আছিলোঁ এনে পৰ য’ত তেওঁ পাহৰি গৈছিল দিনৰ ঠিকনা।অথচ মই এনে পৰ আছিলোঁ যি এঙাৰৰ পৰা ছাই হ’ব ধৰিলেই তাত জ্বলি উঠে সেই সময়,য’ত তেওঁ মুখা পিন্ধি ঘূৰি ফুৰে,খায়,গান গায়,কথা পাতে।

ইমানবোৰ কথাৰ মাজতো,ইমানবোৰ নীৰৱ মুহূৰ্ততো ইমান বিশ্বাস,তাৰপাছতো কিন্তু তেওঁ আজিও নুশুনিলে মোক।আজিও নুসুধিলে এই কথা মই কাৰস’তে কথা পাতো।কোনেও নুশুনে,কোনেও নোসোধে।ঘন আন্ধাৰ আৰু কিছু নীৰৱতাৰ বাহিৰে মোৰ কোনো অস্তিত্বক কোনেও স্বীকাৰ নকৰে।অথচ অজ্ঞাতভাৱে ব্যস্ত কোনো মুহূৰ্তত টোকৰত মোৰে দুৱাৰৰ ডাং খোল খায়।নিজক এবাৰ খেপিয়াই হ’লেও চোৱাৰ অৱকাশ নৰখাকৈ বহুবাৰ বহুজন লৈ তেওঁ আহে,তেওঁ যায়……।দাপোণৰ ভগা টুকুৰাবোৰৰ দৰে হৈ পৰোঁ,যেতিয়া নিজক খেপিয়াই চাবও নোৱাৰোঁ।অথচ ক’তো এটাও টুকুৰা নাই।

***********************************

মোৰ সমস্ত শুহি এসময়ত পোহৰ বিয়পি পৰিল,আৰু মই শুবলৈ যো-জা কৰিলোঁ।সূৰ্যৰ পোহৰ যেতিয়া থিয়কৈ পৰিল——-ভৰ দুপৰীয়া——মই এটা সপোন দেখিলোঁ।”এখন পৃথিৱী,য’ত ঘনত্ব বঢ়া আন্ধাৰতো জ্বলি উঠিল জোনাকী পৰুৱা।অৰঙে-দৰঙে ফুলি উঠা ৰজনীগন্ধাৰ সুবাসত মই মুগ্ধ হৈ পৰিলোঁ।আকাশৰ জোন আৰু তৰা হেজাৰ নৈ-বিলৰ পানীত ইমান মনোমোহা হৈ জিলিকি থাকিল যে মই বিমুগ্ধ হৈ ৰলোঁ।

এনেতে নদীৰ সৰু ভাঁজটোত মই থিয় হ’লো আৰু দেখা পালোঁ——–নৈৰ পানীত নৈৰে এখন ছবি।টোকৰত ডাং খোল নোখোৱাকৈ দুৱাৰৰ ডাং নিজে নিজে খুলি অমাৱস্যাৰ প্ৰাচীন নাৰীবোৰ দৌৰি দৌৰি আহিল……..আৰু মোৰ কাষত থিয় হৈ পূৰ্ণিমাৰ জোনাকত যেন জিলিকি উঠা পানীত নিজৰ সেই ছবি চালে।মনৰ ভঙা টুকুৰাবোৰ এখন পূৰ্ণাঙ্গ দাপোণ হ’ব ধৰিছিল কিন্তু পানীত গছৰপৰা কিবা এটা সৰি পৰিল আৰু ভঙা টুকুৰাতো নিজক চাব নোৱাৰাকৈ বিন্দু বিন্দু হৈ ভাঙি পৰিল দাপোনখন।

সেই,সেই তেতিয়াই…….সেই যে বিন্দুমাত্ৰও অৱলম্বন ভাগি পৰিছিল,তেতিয়াই অমাৱস্যাৰ প্ৰাচীন নাৰীৰ গৰ্ভত এটি শিশু বিদ্রুপ কৰি তীব্রস্বৰে ওলাই আহিব খুজিলে———মাটিও কঁপি উঠা সেই চিঞঁৰত কি হ’ল মই নাজানোঁ।কিন্তু চিঞঁৰত মই সাৰপালোঁ।——-সেইটো এটা দোমোজাৰ সময়,সাৰপোৱা নে টোপনিতে থকাৰ সময়,ধৰিব নোৱাৰা।এনেতে………বৰনৈৰপৰা কিহবাৰ ঢৌ এটা আহি মোৰ কাণত পৰিল,দুটামান চোৰ ঘৰমুৱা হৈছিল তেতিয়া।


(published in ‘Cottonian’,87th issue)

~JArAh

copyright 2018

Advertisements

সাময়িকী

মই ক’ৰবালৈ যাব বিচাৰো ইয়াৰপৰা।ইখন কি মই জানিব বিচৰা নাই,সিখন কি মই জানিব বিচৰা নাই।ম’হবোৰৰ মাজত মই ইয়াত দুৰ্বল হৈ পৰিছোঁ।মই কিয় সবল হ’ব বিচাৰো ইয়ে তাৰ একমাত্ৰ কাৰণ।জীয়াই থাকিব মই নিবিচাৰিব পাৰোঁ,মৰিবও মই নিবিচাৰিব পাৰোঁ।যিকোনো হত্যাতে মই ফাঁচিকাঠত দুর্বলীৰ দৰে থিয় হ’ব নোৱাৰোঁ,ডিঙি ৰেপি তেজ পিব দিব নিৰ্বাক হ’ব নোৱাৰোঁ,গুলীত চিৎকাৰ কৰি মূৰ্খৰ দৰে ঢলি পৰিব নোৱাৰোঁ।

সেয়ে সিখন মই দেখিছোঁ।তাত মই কাকো জীয়াই ৰখা নাই,মোক কোনেও জীয়াই ৰখা নাই।মোক কোনেও হত্যা কৰা নাই,মই কাকো হত্যা কৰা নাই তাত।যদি তাত জীয়াই আছো,একেলগে।যদি তাত মৰিছোঁ,একেলগে।ইটোৱে সিটোত বিলীন হৈ একেলগে।

~JArAh
copyright 2018

গভীৰতম

উশাহৰ উত্তপ্ত ভাপ

আঙুলিৰ স্পৰ্শত চেঁচা পৰা উত্তাপ

উশাহ ভাপ হৈ বৰষুণ।।


‘দেওবৰীয়া সম্ভাৰ’,অসমীয়া প্ৰতিদিনত প্ৰকাশিত

~JArAh

copyright 2018

এই বাবেই যে মই জীয়াই আছো
মোৰ মৃত্যুক ৰ’ব দিব নোৱাৰোঁ।।

~JArAh

copyright 2018